ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ উপন্যাসত অসমীয়া সমাজ (অসম সাহিত্য সভা) ড৹ প্ৰমোদচন্দ্র ভট্টাচার্য্য
জোনাকী যুগৰ অসমীয়া সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ উপন্যাস ৰচনা আৰু কথাশৈলী অনুপম। তেওঁৰ উপন্যাস সৃষ্টিৰ মূল অনুপ্ৰেৰণা পশ্চিমীয়া সাহিত্যৰ পৰা সমাগত। ইংৰাজ ঔপন্যাসিক চাৰ ওৱালটাৰ স্কট আৰু বঙলা ঔপন্যাসিক বঙ্কিম চট্টোপাধ্যায়ৰ প্ৰভাৱ তেওঁৰ উপন্যাসমালাত বাৰুকৈয়ে পৰিছে। উপন্যাস এবিধ পশ্চিমীয়া সাহিত্য-কলা; ভাৰতীয় সাহিত্য জগতত উপন্যাসৰ আগমন নতুন আৰু ইয়াৰ বৰ্ত্তমান পঠনশীলতাও অভিনৱ গতিৰে আগবাঢ়িছে। ৰজনীকান্ত বৰদলৈয়ে অতীত অসমৰ কাহিনী, বীৰত্ব, কৰুণ স্মৃতিবোৰক কেন্দ্ৰ কৰি তেওঁৰ উপন্যাসৰাজি ৰচনা কৰিছে; তেওঁৰ উপন্যাস সমূহক সচৰাচৰ শ্ৰেণীবিভাগ কৰি বুৰঞ্জী-মূলক, সামাজিক আদি ভাগত ভগাব পাৰি-কিন্তু বৰদলৈৰ উপন্যাসবাজি মোৰ মনেৰে একপ্ৰকাৰ উদ্দেশ্যধর্মী উপন্যাস যেনহে লাগে। অতীত অসমৰ প্ৰতি তেওঁৰ নিগূঢ় প্রীতি থকা বাবেই পাঠক-পাঠিকাৰ মন অতীত অভিমুখী কৰি তেওঁ বৰ্তমান আৰু ভৱিষ্যৎ অসমৰ মঙ্গল, উন্নয়ন কামনা কৰিছিল। 'দন্দুৱা-দ্রোহ' নামৰ উপন্যাসখনত তেওঁৰ সাহিত্যিক নিষ্ঠা আৰু অসম প্ৰীতিৰ নিদর্শন নিজ ভাষাতে এনেদৰে পোৱা যায়:-"কলেজত থাকোঁতে চাৰ ওয়াল্টাৰ স্কটৰ নভেল, বঙ্কিম চেটার্জ্জীৰ উপন্যাস ...