___ভাগৰুৱা মইজনীৰ এক মৰহি যোৱা হাঁহি___
মোৰ ভিতৰৰ মানুহজনীক বিচাৰি নাযাব,
নহ’লে আপুনিও চকুলো টুকিব |
মোৰ ভিতৰৰ বিষাদখিনিক চুবলৈ চেষ্টা নকৰিব,
নহ’লে আপোনাৰো বুকু বিষাব |
এই যে অনবৰতে হাঁহি থকা মানুহ জনীক দেখিছে !
তাই কিন্তু, ভিতৰি ভিতৰি বৰকৈ ভাঙি পৰিছে
এই নিসংগতা আৰু কষ্টবোৰ তাইৰ চিৰসংগী ||
আজি কালি তাই কান্দিবলৈ এৰি দিছে
কাৰণ তাই জানে যে, জীৱনে দিয়া কষ্টখিনি
এদিন নহয় এদিন সুখলৈ সলনি হ’বই !
তথাপিও তাই যেন এতিয়া বৰ ভাগৰুৱা ||
বুকুৰ ভিতৰত যেন জুই দপ দপকৈ জ্বলি আছে
আৰু সেই জুইকুৰা নুমুৱাবলৈ গৈ তাই নিজেই পুৰি ছাৰখাৰ হৈছে ||
বাহিৰত যেন নিজকে সুখী কৰি ৰাখিবলৈ
কিমান যে কঠিন সেয়া কেৱল তাইহে জানে |
তথাপিও,তাই নিজকে সুখী কৰি ৰাখিবলৈ
অহৰহ চেষ্টা কৰিছে ||
এই নিঃসংগ, ভাগৰুৱা মইজনীক বুজিব পৰাকৈ পৃথিৱীত কোনোৱেই নাই |
✍️নিহালী বৰ্মন