ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ উপন্যাসত অসমীয়া সমাজ (অসম সাহিত্য সভা) ড৹ প্ৰমোদচন্দ্র ভট্টাচার্য্য


জোনাকী যুগৰ অসমীয়া সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ উপন্যাস ৰচনা আৰু কথাশৈলী অনুপম। তেওঁৰ উপন্যাস সৃষ্টিৰ মূল অনুপ্ৰেৰণা পশ্চিমীয়া সাহিত্যৰ পৰা সমাগত। ইংৰাজ ঔপন্যাসিক চাৰ ওৱালটাৰ স্কট আৰু বঙলা ঔপন্যাসিক বঙ্কিম চট্টোপাধ্যায়ৰ প্ৰভাৱ তেওঁৰ উপন্যাসমালাত বাৰুকৈয়ে পৰিছে। উপন্যাস এবিধ পশ্চিমীয়া সাহিত্য-কলা; ভাৰতীয় সাহিত্য জগতত উপন্যাসৰ আগমন নতুন আৰু ইয়াৰ বৰ্ত্তমান পঠনশীলতাও অভিনৱ গতিৰে আগবাঢ়িছে। ৰজনীকান্ত বৰদলৈয়ে অতীত অসমৰ কাহিনী, বীৰত্ব, কৰুণ স্মৃতিবোৰক কেন্দ্ৰ কৰি তেওঁৰ উপন্যাসৰাজি ৰচনা কৰিছে; তেওঁৰ উপন্যাস সমূহক সচৰাচৰ শ্ৰেণীবিভাগ কৰি বুৰঞ্জী-মূলক, সামাজিক আদি ভাগত ভগাব পাৰি-কিন্তু বৰদলৈৰ উপন্যাসবাজি মোৰ মনেৰে একপ্ৰকাৰ উদ্দেশ্যধর্মী উপন্যাস যেনহে লাগে। অতীত অসমৰ প্ৰতি তেওঁৰ নিগূঢ় প্রীতি থকা বাবেই পাঠক-পাঠিকাৰ মন অতীত অভিমুখী কৰি তেওঁ বৰ্তমান আৰু ভৱিষ্যৎ অসমৰ মঙ্গল, উন্নয়ন কামনা কৰিছিল। 'দন্দুৱা-দ্রোহ' নামৰ উপন্যাসখনত তেওঁৰ সাহিত্যিক নিষ্ঠা আৰু অসম প্ৰীতিৰ নিদর্শন নিজ ভাষাতে এনেদৰে পোৱা যায়:-"কলেজত থাকোঁতে চাৰ ওয়াল্টাৰ স্কটৰ নভেল, বঙ্কিম চেটার্জ্জীৰ উপন্যাস পঢ়িছিলোঁ। এই ঠাইৰ সিফালে পাহাড় দেখি আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী-নলা, নিজৰা, বিল, পুখুৰী, পাহাড়, জাৰণি, এই বিলাকলৈ মনত পৰি চাৰ ওয়াল্টাৰ স্কটৰ সেই High Land(ওখ ঠাই), Low Land (নামনি ঠাই) ইত্যাদি বিলাকলৈ মনত পৰিছিল। ভাৱ হৈছিল: 'হায়! মোৰ অসম জননী! তুমি কেনে প্রকৃতিৰ কাম্য কানন। তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে পৰিপূৰ্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দর্য্য বর্ণাবলৈ, অতীত বুৰঞ্জীয়ে উপন্যাস লেখিবলৈ, চাৰ ওয়াল্টাৰ স্কটৰ নিচিনা বা বঙ্কিম চেটার্জ্জীৰ দৰে উপন্যাসকাৰক প্রতিভাশালী সাহিত্যিক ক'ত?  আমাৰ পিতৃ-পিতামহ সকলে কেনেবিলাক দুখ ভুগিছিল এই কথা আমি আমাৰ প্ৰায় উপন্যাস বিলাকতে দেখুৱাইছো-উদ্দেশ্য, যাতে ৰাইজে অতীত কাহিনীৰ পৰা সতর্কিত হৈ ভবিষ্যতৰ উন্নতিৰ বাটলৈ আগবাঢ়িব পাৰে।'

সামাজিক উপন্যাসৰ কলা-কৌশল, পৰিসূত্ৰ ৰজনীকান্ত বৰদলৈৰ 'মিৰি-জীয়ৰী' উপন্যাসখনত পূর্ণাঙ্গকৈ পাব নোৱাৰি; তথাপি মিৰি বা মিছিং সমাজৰ আচাৰ, ব্যৱহাৰ, পূজা-পাতল, নৰাছিগা বিহু, বাৰেগামৰ মেল, বিচাৰ পদ্ধতি আদিৰ যথাযথ বর্ণনা উপন্যাসত নিষ্ঠাৰে দাঙি ধৰা হৈছে। অসমৰ বুকুৰ মাণিক সোৱণশিৰী-পৰীয়া মিৰি ৰাইজৰ প্ৰাণ-পৰশা চিত্রবাজি পানেই-জঙ্কিৰ প্ৰণয়, বিৰহ আৰু কক্কণ পৰিণতিৰে উপন্যাসত বর্ণিত হৈছে। চাকৰি জীৱনত মাটিৰ হাকিমৰূপে লক্ষীমপুৰ অঞ্চলত থাকি অৰ্জন কৰা ক্ষেত্ৰ-অভিজ্ঞতা ঔপন্যাসিক বৰদলৈয়ে 'মিৰি-জীয়ৰী'ত পৰিপূৰ্ণভাৱে প্ৰয়োগ কৰিছে। উজনি নামনিৰ ভিন্ ভিন্ ঠাইত চাকৰি কৰি ৰজনীকান্ত বৰদলৈয়ে কেৱল চৰকাৰ আৰু ৰাইজৰ সেৱা কৰিয়ে ক্ষান্ত থকা নাই, তেওঁৰ উপন্যাসৰাজিৰে অসমৰ গাওঁ-ভূই, সত্ৰ-নামঘৰ, ৰাজচ'ৰা, কাৰেংঘৰ, মঠ-মন্দিৰৰ চিত্ৰ-বিচিত্র দৃশ্যসম্ভাৰ অঙ্কন কৰি অসমৰ জন-গণ আৰু ডা-ডাঙৰীয়াক জীৱন্ত ৰূপ দিব পাৰিছে। 'তাম্ৰেশ্বৰীৰ মন্দিৰ' উপন্যাসত দেউৰী-চুতীয়া সকলৰ আৰাধ্যা কেচাইখাতী গোসানী 'তামাৰ মাই'ক কেন্দ্ৰ কৰি উজনি অসমৰ অতীত বুৰঞ্জী আৰু সমাজ প্রতিফলিত হৈছে। বৰদলৈৰ উপন্যাসৰাজিত বুৰঞ্জী আৰু সমাজৰ মণি-কাঞ্চন সংযোগ ঘটিছে। বুৰঞ্জীৰ ৰহণ আৰু সমাজৰ ৰূপ বাছি উলিয়াবলৈ পাঠক-পাঠিকাৰ যথেষ্ট মনোযোগৰ আৱশ্যক হব। ঔপন্যাসিকে নিজা বিচাৰ-বুদ্ধিৰে উপলব্ধ, অনুভূত কাহিনী আৰু বিষয়হে সন্নিবেশ কৰিছে; আৰু তেনে কৰোঁতে অতীত আৰু বর্তমান সমাজৰ প্রতিচ্ছবি গৌণভাৱে উপন্যাসৰ পাতে পাতে প্রকাশিত হৈছে।

অসমৰ পুৰণি সমাজ বোলোতে ঘাইকৈ বৈষ্ণৱ যুগৰ সত্ৰ, নামঘৰ, হাটী, মণিকূট আদিৰ বর্ণনা সন্নিবিষ্ট দক্ষিণপাট, বৰপেটা আদি সত্ৰৰ মাজেদি কিছুমান কাহিনী, চৰিত্ৰৰ পৰিচয় নিৰ্ম্মল ভকত, মনোমতী প্রমুখ্যে উপন্যাসত পোৱা যায়। আহোম যুগৰ স্বৰ্গদেও, ডা-ডাঙৰীয়া, কাৰেংঘৰ, ৰাজচ'ৰা, ৰংপুৰ আদিৰ বিবৰণৰ মাজেদি উজনি অসমৰ এখন পুৰণি সমাজৰ প্ৰতিচ্ছবি ফুটি ওলাইছে ৰঙ্গিলী, ৰহদৈ লিগিৰী প্রমুখ্যে উপন্যাসত। দন্দুৱা-দ্রোহ উপন্যাসত আহোম যুগৰ নামনি অসম বা কামৰূপ অঞ্চলৰ সমাজৰ চিত্ৰহে ঘাইকৈ প্রতিফলিত হৈছে। মিৰি-জীয়ৰী উপন্যাসত উজনিৰ ভৈয়ামৰ আৰু পাহাৰৰ মিৰি বা মিছিং জনজাতীয় সমাজৰ আৰু তাম্ৰেশ্বৰীৰ মন্দিৰত শদিয়া অঞ্চলৰ দেউৰী-চুটীয়া তথা আহোম আৰু অসমীয়া ৰাইজৰ নানা সামাজিক চিত্ৰৰ সন্নিবেশ ঘটিছে। বৰদলৈয়ে এই সামাজিক চিত্ৰবোৰ কাহিনী, চৰিত্ৰৰ আৱশ্যকতাৰ বাবেহে ৰূপায়িত কৰিছে; তেনে কৰোঁতে তেওঁ স্বৰূপ বা যথাযথ বর্ণনা দিছে | ঠায়ে ঠায়ে বর্তমান সমাজৰ লগত অতীতৰ বা বিশেষ কোনো এক সমাজৰ তুলনামূলক বর্ণনা দিবলগীয়া হৈছে | লেখকে নিজা মতামতো ঠায়ে ঠায়ে দিয়া দেখা যায়।

'মিৰি-জীয়ৰী' উপন্যাসৰ আগকথাত ঔপন্যাসিক বৰদলৈয়ে মিৰি আৰু অসমীয়া সমাজত বিহুৰ বিষয়ে এনেদৰে লিখিছে:-"মোৰ আজলী 'মিৰি-জীয়ৰী'য়ে আজিকালিৰ নব্য ধৰণেৰে বঙলা গান গাবলৈ নিশিকিলে। দুখ লাগিলে তাই আধা আধা ভঙা অসমীয়াৰ মাতেৰেহে সামান্য সামান্য বিহুনাম গাব জানে। 'নৰাছিগা' কিন্তু আহিলে তাই, 'দাদাম্ বনেঙ বনেঙ দাদিও' ইত্যাদি নামহে গায়। সেই দেখি; আৰু ভাই! তুমি এইবিলাক গীত বিহু নামেৰে কলঙ্কিত হলেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহু নাম দিলোঁ। কুকচি বুলি তুমি মোৰ দোষ নধৰিবা। গাভকরে বেয়া বিহু নাম নাগায় আৰু গালেও মোব একে। উপায় নাই।"

বিহুৰ প্রতি বর্তমানে আমাৰ যেনে জাতীয় ধাৰণা, আজি তিনি কুৰি বছৰ আগেয়ে সিমান উচ্চবিধৰ নাছিল। সেই কাৰণেই 'ৰঙ্গিলী' উপন্যাসত অসমীয়াৰ বিহু উৎসৱৰ বিষয়ে বৰদলৈয়ে এটি সৰল বিবৰণ দাঙি ধৰিছে এনেদৰে:- "অসম যেতিয়া স্বাধীন আছিল, অসমীয়া ডেকা-গাভৰু যেতিয়া এতিয়াতকৈও মুকলিমূৰীয়া আছিল সেই কালৰহে কথা। সেই কালত বিহুৰ নৃত্য-গীত অশ্লীল নাছিল। ইদানীঙতো আমি যিমানদূৰ জানো আমাৰ আহোম, চুটিয়া, কোঁচ, কলিতা, মিৰি এই সকলৰ মাজত যি বিহুৰ নৃত্য-গীত হয়, তাত অশ্লীলতা নাই। গীতবিলাক স্বভাৱৰ হোজা কবিসকলৰ সুখ-দুখৰ মনৰ ভাব আৰু ডেকা-গাভৰুৰ শুদ্ধ প্রণয় ভাবৰহে প্রকাশক।..."

অসমৰ জাতীয় জীৱনত বিহু আৰু বিয়াৰ স্থান উল্লেখনীয়; বৰদলৈৰ কেইবাখনো উপন্যাসত ৰজাঘৰীয়া, প্ৰজাঘৰীয়া, মিৰি জনজাতীয় বিহু আৰু বিভিন্ন সামাজিক বিয়া তথা প্রণয়ৰ মনোমোহা ছবি আছে।

মিৰি সমাজৰ নৰাছিগা বিহুৰ অলপ বর্ণনাৰে আমি বৰদলৈৰ সামাজিক অঙ্কনৰ আভাস দিছো:-'এইবাৰ দেওধাই ডেকা-গাভক এটাইৰে ভাগৰ লাগিল। এটাইবিলাকে উঠি চালৰ কামীত আঁৰি খোৱা অমৃত বাটিয়ে বাটিয়ে পান কৰিব ধৰিলে। অমৃত পান কৰা শেষ হ'ল। তেতিয়া আকৌ আগৰ দৰে সিহঁতে জুম পাতিলে। এইবাৰ দেওধায়ে নতুন উৎসাহেবে লগাই দিলে:-
দাদাম্ বনেও বনেও দাদিঙ
পেকামা কামদামা কলপি কলপি 
কামদাঙ নিতুঙা কলপি কলপি।

গাছি-মিৰি সকলৰ বাবে গামৰ মেলৰ বিষয়ে ঔপন্যাসিক যথেষ্ট খং আৰু কঠিনতাবে মন্তব্য দিছে:- 'বাৰে গামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে, বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়; যি নৃশংসহঁতে ই গাৱে সি গাৱেঁ সামান্য এটা মেঠোন বা গাহৰি বা দেওঘাটৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাৱে আন এখন গাৱঁৰ মানুহক কাটি ছিঙি ল'ৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্ত্তনাদ গলাব পাৰে?"

'তাম্ৰেশ্বৰীৰ মন্দিৰ'ত সামাজিক চিত্ৰত সহজ-সৰল ভাষাৰে এনে ধৰণৰ হুবহু অঙ্কিত হৈছে:-"পিছত যেতিয়া চাৰিজন চুতীয়া মানুহে গা ধুই দেবীক কাকুতি মিনতি কৰিলে, তেতিয়া হেনো দেবী-মূর্ত্তি হালি-জালি পাতল হল, আৰু তেতিয়া সেই চাৰিজন চুতীয়ায়ে মাতৃমূর্ত্তিক দোলাত তুলি নি এই ঠাইত থাপিলে। যি ঠাইত থাপিলে সেই ঠাইত এই তাম্ৰেশ্বৰীৰ মন্দিৰ নিৰ্ম্মিত হ'ল। তেতিয়াৰ পৰা এই মূৰ্ত্তিক চুতীয়াসকলৰ পুৰোহিত দেউৰীসকলেহে সেৱা-পূজা কৰে। ব্রাহ্মণ কি আন কাৰো এই মন্দিৰত অধিকাৰ নাছিল। দেউৰীসকলেই পূজাৰী, আঠপৰীয়া, পচাতোলা, বলিকটীয়া ইত্যাদি সকলো কাম কৰিছিল। এই তাম্ৰেশ্বৰী মাৰ মন্দিৰত বছৰি দুর্গোৎসবৰ সময়ত হাঁহ, পাৰ, মহ, ছাগলী ইত্যাদি বাজেও অষ্টমীৰ দিনা তেনে এটা হলেও নৰবলি হৈছিল।....."

অসমীয়া সমাজত বিহু, বিয়া, বিচাৰৰ একোটা সুকীয়া স্থান আছে; ৰজনীকান্ত বৰদলৈৰ উপন্যাসত এইবোৰৰ ভিন ভিন চিত্র যথাযথ প্রকাশিত হৈছে; তেওঁৰ চিত্রাঙ্কনত অতিৰঞ্জন নাই, আন্তৰিকতা আছে, আৰু আছে অকপট অসম-প্রীতি। এই অসম-ৰজনীকান্ত বৰদলৈৰ উপন্যাসত অসমীয়া সমাজ প্রীতিৰ বাবেই ঠায়ে ঠায়ে ঔপন্যাসিকে সামাজিক নীতি-উপদেষ্টাৰ শাৰীত থিয় হোৱা যেন লাগে। হেমচন্দ্র বৰুৱাই 'কানীয়াৰ কীৰ্ত্তন', 'বাহিৰে বং চং ভিতৰে কোৱাভাতুৰী' আদিৰে লক্ষ্মীনাথ বেজবৰুৱাই 'কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা', 'ওভতনি' আদিৰ জৰিয়তে অসমীয়া সমাজ সংস্কাৰ আৰু অসম প্রীতিৰ যি আদর্শ প্রকাশ কৰিছে ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহো সেই একে আদৰ্শৰে পৰিপোষক।

অসমীয়া সমাজত শাক্ত, বৈষ্ণৱ, তান্ত্রিক আদি বিভিন্ন ধৰ্ম্মমত প্রচলিত। ৰজনীকান্ত বৰদলৈৰ উপন্যাসত অতীত কাহিনী, বুৰঞ্জী আৰু সামাজিক ঘটনাৰ মাজত কম-বেছি পৰিমাণে ধৰ্ম্মমতৰ আলোচনা আছে; বিভিন্ন ধৰ্ম্মমতৰ প্রতি সহনশীলতাও প্রকাশিত হৈছে। তথাপি মহাপুৰুষ শ্রীশঙ্কৰদেৱ আৰু শ্রীমাধৱদেৱৰ প্ৰচাৰিত ভাগৱতী বৈষ্ণৱ ধৰ্ম্মৰ সমধিক প্রচলনৰ বাবেই হয়তো বৈষ্ণৱ সত্ৰ, নামঘৰ, ভাওনা আদিৰ বৰ্ণনাত বৰদলৈ বেছি আগ্রহশীল যেন অনুভৱ হয়। 'নির্মূল ভকত' উপন্যাসত দক্ষিণপাট সত্ৰৰ বাহিৰ ভিতৰ চ'ৰাৰ বৰ্ণনা, নিৰ্ম্মল-ৰূপহীয়ে গাৱঁত ভাওনা চাবলৈ যোৱাৰ ছলেৰে পলাই যোৱাৰ কাহিনী, 'মনোমতী' উপন্যাসত বৰপেটা সত্র, কীৰ্ত্তন-ঘৰ আৰু ফাকুৱাৰ বৰ্ণনা-অসমীয়া বৈষ্ণৱ সমাজৰ মূল্যবান ৰূপায়ণ। "....বৰপেটাৰ সত্ৰখন মহকুমাৰ দক্ষিণ-পূব কোণাত আছিল। আজিকালি এই সত্ৰৰ চাৰিউফালে প্ৰায় চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড় আছে। এই গড়ৰ ঘাই দুৱাৰ-মুখ পশ্চিম-ফালে; সেই দুৱাৰ-মুখত এটা পকী বাটঘৰ। সেই বাটঘৰটোৱেদি সোমায়েই চকুৰ আগতে কীৰ্ত্তন ঘৰটো দেখি।....”

"দক্ষিণপাট সত্ৰৰ নিৰ্ম্মল আতৈ এজন উদাসীন ভকত। বয়স এশ কি তাতোকৈ দুই চাৰি বছৰ বেছি হলেও কম নহয়। যদিও ইমান বৃদ্ধ তথাপি আতৈৰ চলন-ফুৰণ শক্তি এতিয়াও অটুট।......"
"......ডাঙৰীয়া! কব নেলাগে ঠিক সাত দিনৰ
মুৰত মোক প্রভু ঈশ্বৰে উদাসীন পন্থত অভিষেক কৰিলে, ছমাহৰ মূৰত মালা মন্ত্র দিলে। সেই কালৰেপৰা আজিলৈকে এই সত্রতে পৰি আছো।....." (নির্মূল ভকত)

মানৰ আক্ৰমণত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ অসম ৰাজ্য বিধ্বস্ত হৈছিল। আমাৰ পূৰ্ব্বপুৰুষসকলক মানে যে কিমান দূখ-দুর্গতি দিছিল-তাকে ভাবি ঔপন্যাসিকৰ হিয়া কান্দিছিল।

বৰদলৈৰ পূৰ্ব্বপুৰুষসকলো মানৰ আক্ৰমণত জুৰুলা হোৱা পীড়িত লোক বাবেই, চাকৰি জীৱনতো বৰদলৈয়ে মানৰ আক্ৰমণৰ কাহিনী আৰু ভয়াবহ স্মৃতিবোৰ পদে পদে লগ পাইছিল আৰু সেই কাহিনীৰ স্মৃতিসমূহ লিপিবদ্ধ কৰিছিল। 'দন্দুৱা-দ্রোহ' আৰু 'বা
'ৰাধা-ৰুক্মিণীৰ বণ' উপন্যাসতো শাসকৰ অত্যাচাৰ আৰু প্ৰজা-জাগৰণৰ প্ৰতিচ্ছবি আছে। এইবোৰ কাহিনীৰ প্ৰতিফলনৰ মাজেদিও অসমৰ ঐক্য আৰু অসম-মাতৃৰ সন্তানসকলৰ সৰ্ব্বাঙ্গীন উন্নতি কামনা কৰিছিল। এই দন্দুৱা দ্রোহটোৰ মূলত প্ৰকৃততে কামৰূপীয়া প্ৰজাৰ ওপৰত বৰফুকনৰ অত্যাচাৰ। ই বদন বৰফুকন আৰু কামৰূপী প্ৰজাৰ সংঘর্ষণ। সেইদেখি এই উপন্যাসত ৰসৰ নিমিত্তে হয়তো মাজে মাজে উভয় পক্ষৰে অলপ অচৰপ নিন্দা-নিন্দিও পাব; কিন্তু ৰাইজে যেন এই নিন্দাবাদলৈ মন নকৰে। ঈশ্বৰৰ কৃপাত এতিয়া আমি অসমীয়া, কামৰূপীয়া, গোৱালপৰীয়া সকলো এক অসমীয়া, এক অসম মাতৃৰ সন্তান।......"

বৰদলৈৰ উপন্যাসসমূহত এই 'এক অসমীয়া, এক অসম মাতৃৰ সন্তান'ৰ জন্ম, বিবাহ, মৰণেৰে আবৰা সমাজখনৰ নিবিড় আৰু প্ৰকৃত জিলিঙনি পোৱা যায়। নাৰী-চৰিত্র অঙ্কনত বৰদলৈৰ কৃতিত্ব সৰ্ব্বজন-স্বীকৃত; নাৰী-চৰিত্ৰৰ মাজেদিয়ে অসমীয়া সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিবোৰ সংৰক্ষিত হৈছে। তেওঁৰ উপন্যাসৰ নাৰী-চৰিত্ৰসমূহ দৰাচলতে অসমীয়া সমাজৰ সাৰ্থক সাক্ষী।


                   তথ্যসংগ্ৰহ: ৰজনীকান্ত বৰদলৈৰ                                                  ঔপন্যাসিক 
                   প্ৰকাশক: ড৹ প্ৰমোদচন্দ্র ভট্টাচার্য্য                                             (অসম সাহিত্য সভা)
                   পৃষ্ঠা: ৬২-৬৮

Popular posts from this blog

গৃহ নিৰ্মাণ

___ভাগৰুৱা মইজনীৰ এক মৰহি যোৱা হাঁহি___