গৃহ নিৰ্মাণ

১. সাধাৰণ ঘৰ

দেশ আৰু যুগৰ সংস্কৃতিৰ লগত ঘৰ আৰু গৃহ নির্মাণ প্রণালীৰ প্রত্যক্ষ সম্বন্ধ। অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো এই কথা প্রযোজ্য। ঘৰ আৰু ঘৰ সজাৰ লগত জড়িত বিভিন্ন বিষয়ৰ আলোচনা নকৰিলে অসমীয়া গ্রাম্য-জীৱনৰ অধ্যয়ন অসম্পূর্ণ হব। 

অসমৰ সৰহভাগ লোকেই খেতিয়ক; তেওঁলোকৰ প্রয়োজন আৰু শক্তি-সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমৰ গৃহ নির্মাণ প্রণালী গঢ়ি উঠিছে। প্ৰচুৰ বৰষুণ আৰু সঘনে ভূমিকম্প হোৱাৰ হেতু অসমৰ গৃহাদি নির্মাণ ৰীতি অন্য শুকান অঞ্চলৰ দৰে নহয়। খেতিয়ক সম্প্রদায়ে নগৰৰ দৰে গাৱত ৰাজহুৱা ঘৰ সজাৰ প্ৰয়োজনীয়তাও বোধ নকৰে। তদুপৰি গাৱৰ খেল-বোৰত ব্যৱসায়ী ৰাজমিস্ত্রীৰো দৰকাৰ নাই; তাত প্রত্যেকজন গঞাই নিজৰ সজা-পৰা কামখিনি নিজে কৰে। সেই কাৰণে অসমৰ গাৱলীয়া মানুহৰ ঘৰ-দুৱাৰ সামাজিক, জলবায়ু আৰু ভৌগোলিক পৰিস্থিতিৰ এক সম্মিলিত ফলস্বৰূপ। সাধাৰণতে ৰ'দ বৰষুণৰ আশ্রয় হিচাবে নিজৰ আৰু গৰু-গাইৰ কাৰণে গাৱ'লীয়া মানুহে ঘৰ সাজি লয়। ঘৰসজা আৰু ঘৰৰ আহি নক্সা কৰোঁতা বিশেষজ্ঞও গাৱঁত নাই। প্রত্যেক গঞাই নিজৰ সা-সুবিধা আৰু সামর্থ্য অনুযায়ী ঘৰদুৱাৰ সাজে। কেতিয়াবা গাৱঁৰ বুঢ়ামেথা অভিজ্ঞসকলৰপৰা নাইবা ডাক-ভণিতা আদি পুৰণি প্ৰবাদৰপৰাও সহায় লয়।
এনেধৰণৰ সহায় আৰু সামান্য সম্বলেৰে আৰু হাততে পোৱা আহিলা-পাতিৰে তেওঁলোকে অতি সহজভাৱে গৃহ নির্মাণ কৰে। ইয়াতেই তেওঁলোকৰ সৰল জীৱন-যাপনৰ আৰ্হি প্রকাশ পায়। ঘৰৰ খুটাত বা কাষত (পাৰিত) নিজৰ মনেৰে গঢ় দি লোৱা সুন্দৰ কাৰু-কার্যাদিৰ কথা তেওঁলোকে বৰকৈ অনুভৱ নকৰে; মাটিৰে লিপা বেৰ, সাধাৰণ ডাং লগোৱা দুৱাৰ, দুখন চাল-এইবোৰৰ আৱশ্যকতাই প্রথমে ভাৱে। লোক-জীৱন যিহেতু অবিভাজনীয়, সেইবাবে অসমীয়া নামঘৰেই হওক বা থকা ঘৰেই হওক, অসমীয়া জীৱনৰ ই পৰিচয় স্বৰূপ। 

অসমীয়া গাৱঁৰ ঘৰগৃহ নির্মাণ স্থানীয় ভৌগোলিক অৱস্থা (নদীৰ পাৰ, পাহাৰ, জঙ্গল আদি) আৰু তাত বাস কৰোঁতাসকলৰ সামাজিক আৰু আর্থিক অৱস্থান হেতু কোনো কোনো ক্ষেত্রত অৱশ্যে সামান্য বেলেগো হয়। ওপৰত উল্লেখ কৰা হৈছে যে সাধাৰণ মানুহে স্থানীয়ভাবে পোৱা সঁজুলিবোৰ তেওঁলোকৰ ঘৰ যথাসম্ভব সহজভাবে সাজি লয়; আহিলা-পাতিৰ প্রকৃতি কেতিয়াবা ঘৰৰ আহি আৰু স্থান ভেদে বেলেগ বেলেগ ধৰণৰো হয়। ভৌগোলিক অৱস্থান, জলবায়ু, মাটি আৰু স্থানৰ পৰিস্থিতি বা পাব পৰা আহিলা-পাতি আদি অনেক কাৰণবশতঃ এনে পার্থক্য হয়। অসমৰ ভৌগোলিক গঠনৰো এক বৈশিষ্ট্য আছে; নদী, অৰণ্য, ওখ পাহাৰেৰে ভৰা এই অসম। গৃহ নির্মাণৰ ক্ষেত্ৰত এই অবস্থা-বোৰেও ক্রিয়া কৰে। নদীৰ পাৰত বহা গাওঁ কেতিয়াবা বান-পানীয়ে উটাই নিয়ে; আৰু সেইবাবে তেনে ঠাইৰ লোকে সাধাৰণতে নৈৰ পাৰত সহজতেই পাব পৰা বাঁহ, খেৰ আৰু ইকবাৰে ঘৰ সাজে। 

মিকিৰসকলৰ দৰে নদীৰ কাষৰ লোকে বান-পানীৰপৰা ৰক্ষা পাবলৈ বাঁহৰ চাংঘৰ সাজে। বছৰে বছৰে বান-পানী ঘৰৰ চাঙৰ তলেই বাগৰি যায়। পানীউঠা ভৈয়ামৰ দ-ঠাইৰ মানুহেও চাংপাতি ওখকৈ ভ'ৰালঘৰ সাজে আৰু তলত গৰু আদি বান্ধে।

পাহাৰত সাধাৰণতে কাঠেৰে চাংঘৰ সজা হয়; পাহাৰত কাঠ পোৱা সহজ; গতিকে কেতিয়াবা বেৰবোৰো আনকি কাঠেৰেই কৰি লয়। কাঠৰ বেৰৰ ভিতৰখন গৰম কৰি ৰাখে আৰু জাবৰৰ পৰা ৰক্ষা কৰে। ওখকৈ সজা চাংঘৰৰ তলেদি হাতী আদি বনৰীয়া জন্তু সহজে ৰাতি অহা-যোৱা কৰিব পাৰে। অসমীয়া মানুহে বাৰীৰ চৌহদৰ ভিতৰত বেলেগ বেলেগ কামৰ কাৰণে কেইবাটাও ঘৰ সাজে; চ'ৰাঘৰ, বৰঘৰ, সৰুঘৰ, মাৰলঘৰ, শোৱনিঘৰ, বুলনী চ'ৰা, পকাঘৰ বা ৰান্ধনিঘৰ, ঢে'কীশাল, তাঁতশাল, গোহলিঘৰ, ভ'বালঘব আবু, তাৰ উপৰিও বাটচ'ৰা আৰু নামঘৰ বা কীর্তন-ঘৰ। আহোমৰ দিনত ৰাজ-সকলৰ নিমিত্তে ইটাৰে কাৰেংঘৰ আৰু তেওঁলোকে ৰং-ধেমালি চাবলৈ ৰংঘৰ সজা হৈছিল। সেইদৰে ৰাজ-অভিষেকৰ কাৰণে পাটঘৰ, হোলোংঘৰ আৰু শিঙবিঘৰ আছিল। এই ঘৰবোৰৰ প্ৰায় ভাগেই দুচলীয়াকৈ চাৰি-চুকীয়া হিচাপে সজা হৈছিল। আহোমসকলৰ দিনত সাধাৰণলোকে টুপ দিয়া ঘৰ আৰু পকীঘৰ সাজিব নোৱাৰিছিল | একমাত্র ৰজাইহে দুয়োমুৰে টুপ লগোৱা ঘৰ সাজিব পাৰিছিল।চ'ৰাঘৰ বা আলহীঘৰটো দুচলীয়াকৈ পথালিভাৱে সজা হয় আৰু আন-বোৰ ঘৰ শাৰী শাৰীকৈ সাজে। চ'ৰাঘৰত সোমাবলৈ বাহিৰৰ চেতালৰপৰা দুৱাৰ থাকে আৰু ইয়াৰপৰা অন্য ঘৰলৈ যাবলৈ দীঘলী বাট থাকে। প্রত্যেক ঘৰতে ওলোৱা-সোমোৱা কৰিবলৈ আগফালে আৰু পাছফালে দুখনকৈ দুৱাৰ দিয়া হয়। সাধাৰণতে ঘৰত খিড়িকী দিয়া নহয় যদিও পোহৰ আহিবৰ কাৰণে চালৰ নামে আৰু বেৰৰ ওপৰ ভাগত একোটা জলঙা বথা হয়। কিছুমান ঘৰত বেৰৰ ওপৰফালে বাঁহৰ কাঠীৰ শিয়াল-তাঁতীৰ দৰে একোখন চাপলিকা বা বাকনি বৈ বান্ধি দিয়ে। চৰাঘৰটোত সাধাৰণতে মানুহ বহিবলৈ মাজত বেৰ নিদি মুকলি কৰিয়েই ৰখা হয়; অন্য ঘৰবোৰৰ মাজত বেৰ একোখন দি দুই-তিনিটা কোঠালি কৰা হয়। জাৰকালি চৰাঘৰত জুহাল পাতে আৰু পৰিয়ালৰ সকলোৱেই দিনৰ পৰিশ্রমৰ অন্তত সেই জুহালৰ কেউকাষে বহি ভাগৰ মাৰে। ৰান্ধনি ঘৰটো শেষৰ শাৰী থকা ঘৰৰপৰা আঁতৰত সজা হয়। সাধাৰণতে গা ধুই পৰিষ্কাৰ নোহোৱাকৈ কাকো তাত সোমাবলৈ দিয়া নহয়। গোহালি ঘৰটো অন্যান্য ঘৰৰপৰা আঁতৰত সজা হয় আৰু ইয়াত প্রায়ে বেৰ নেথাকে। 

লোক-সংস্কৃতিৰ পিনৰপৰা অসমৰ ঘৰ-দুৱাৰ বিশেষকৈ ইয়াৰ গৃহ নির্মাণ প্রণালী মন কৰিবলগীয়া। এই প্ৰৱন্ধৰ পৰিসৰত অৱশ্যে সাধাৰণ-ভাৱে কেইটামান কথাৰ আলোচনা কৰাৰ বাহিৰে গৃহ নির্মাণৰ আলোচনা কৰাটো সম্ভৱ নহব।

ঘৰ সজাৰ আগতে ঘৰৰ ভেটি জ্যোতিষীৰ হতুৱাই চোৱাই দিশ ধৰি ঘৰ সজা হয়। ঘৰৰ ভেটি চাওঁতে নাগতত্ত্ব বিচাৰ কৰা হয়। খড়, যম, অগ্নি আৰু প্ৰেতৰ বেলেগ বেলেগ দিশ আছে; তাৰ মাজৰ খিনিয়েই ঘৰ সাজিবৰ কাৰণে উপযুক্ত স্থান। ভে'টিটোৰ তলত জন্তু আদিৰ হাড়, মুৰ, নখ আদি থকা অশুভ বুলি ধাৰণা কৰি তেনে বস্তু থাকিলে তাক খান্দি উলিওৱা হয়। পথৰুৱা ঠাইৰপৰা মাটি আনি ঘৰৰ ভেটি ওখকৈ বন্ধা হয়। বেৰৰ বাহিৰ ফালে থকা ভেটিৰ অংশক পিৰালি বা কাঁথি বোলে। 

ডাকৰ বচনত ঘৰৰ দিশ নির্ণয় প্রসঙ্গত আছে-
"পূবা পছিমাকৈ সাজিবা ঘৰ। অকাল মৃত্যুক নাহিকে দৰ। পূবে ভড়াল পছিমে গড়াল। উত্তৰে চৰু দক্ষিণে গৰু ৷ পছিমে বাঁহ পূবে বেত। উত্তৰে তামোল দক্ষিণে খেত।" ঘাইখুটা, মূল খুটাটো প্রথমে পোতা হয়। মুগ্ধব খুটা, কুমৰ খুটা আৰু পানি বা পাবিৰ খুটা বেলেগ। কাঠৰ খুটাৰ তলত উ'য়ে নধৰিবলৈ গৃহ নির্মাণ | কেতিয়াবা গবিটো জুইত অলপ পুৰি দিয়ে আৰু খুটাৰ গুৰিত মাটিৰ সলনি বালি দিয়ে। শাল, শলখ, সোণাৰ, নাহৰ, পদ্ম, মজ, আমাবি, নগাটেঙা, বনচোম, তেলী উ'ই, থেকেৰা, কঠাল, জাম, নিম, গমাবি, শিলিখা, গন্ধ-সবৈ, ক'হিব, আজাব, পোঁজ, চাম, পমা, আদি কাঠৰ খুটা সাধাৰণতে লগোৱা হয়। বাঁহৰ ভিতৰত ভলুকা বাঁহৰ আৰু গোহালি আদি ঘৰত মকাল বাঁহবো খুটা লগোৱা হয়। তদুপৰি তাল, তামোল, ছোৱা আদি গছৰ খুটা, আৰু তলত কাঠৰ শলা জোবা দি বাঁহৰ খুটাও লগায়। তলত সুকাঠী আৰু ওপৰত আওকাঠীৰে জোৰা দিও খুটা লগোৱা হয়। খুটাৰ মুৰত চতি ভৰাবলৈ বা মাৰলি লগাই বান্ধিবৰ কাৰণে যথাক্রমে আল আৰু কাণ কাটি দিয়ে। মাটিত খুটা পুতিবলৈ খন্দা হাতেৰে ঢুকি নোপোৱা দ গাঁতৰ মাটি বাঁহৰ থাকব বা খোকাউবিৰে তোলা হয়।

পথালিৰ দুটা খুটাৰ ওপৰৰ আলত সুমুৱাই দিয়া বাঁহ কাঠৰ নাম চতি। এনেদৰে পথালিৰ খুটাত জোৰকৈ চতি দিয়া হয়। এনেধৰণৰ দীঘল চতি হৈছে ভৰলুৱা চতি। পথালিৰ পানীপোতাৰ খুটাৰ (পাৰিব খুটাৰ-পৰা নিদি তাৰ ওপৰত ভাগত কুমাৰ খুটা দুটাত দিয়া চতিক ফুল চতি বা সবু চতি বোলে। পাৰিৰ চাৰিচুকৰ চাৰিটা খুটাত যোৰ যোৰ কৰি দুটা চতি প্রথমতে বহুৱাই লোৱা হয়; মাজৰ পালি খুটাতো সেইদৰে চতি খুৱাই তাৰ ওপৰত দীঘে দুই পানীপোতত দুডাল মাড়লি দীঘে দীঘে চালখনৰ সমান দীঘল কৰি বহুৱায়। ঘৰটোৰ প্ৰন্থৰ দুইমূৰৰ মাজভাগত সচৰাচৰ মধুৰ খুটা পোতে আৰু তাৰ ওপৰতো সেইদৰে দীঘে দীঘে মধুৰ মাড়লিটো বন্ধা হয়। কেতিয়াবা মাজত চতিবপৰা মুখৰ মাড়লিলৈ মুধৰ খুটাৰ সলনি থিয় ভাবে বাঁহ বা কাঠৰ টুকুৰা দি থয়; সেয়ে দমবা বা বহিখোৱা। সেইদৰে পানী-পোতাৰ চতিৰপৰা ফুলচতিৰ দুইমুৰলৈ, অথবা মুধৰ খুটা বা দমবাৰপৰা বেকাকৈ কুমাৰ খুটালৈ দি থোৱা ঢোকা দুডাল হ'ল ফ'কাম। মাড়লি সাধাৰণতে তিনিটা বা পাঁচোটা থাকে, ডাঙৰ হলেহে পাঁচোটা মাড়লি খুৱায়। মাড়লিৰ ওপৰত চালখন দোপা নপবিবলৈ চালৰ প্রস্থৰ সমান কৰি একোডাল গোটা বাঁহ, সোঁ মাজডোখৰ জুইত খুবি বা এফাল কাটি ভাঙিব পৰাকৈ মাজৰ (মুধৰ) মাড়লিত বহুৱাই দি বান্ধি দিয়া হয়। ইয়ে জালিবাঁহ। খুটাৰে সৈতে চতি আৰু মাড়লিত দিয়া গাঠি হ'ল নাথানি। কেতিয়াবা কাঠৰ চতিত পদুম আদি নানা মনোৰম ফুল কাটি চকুৰোৱাকৈ সজোৱা হয়। ঘৰবোৰ সচৰাচৰ দুচলীয়া। জাতিবাঁহৰ গুৰিৰ ছেওৰমুখত আঁখি বাখি কৰা কামীয়েই বুৱা। জাতিবাঁহ বা ভল্লুকাবাঁহৰ আগ কিম্বা অন্য মুটু-কীয়া বাঁহ গোটা গোটে দিও বুৱা কৰা হয়। বাঁহ ফালি চাঁচি তাবে কামী কৰে আৰু এই বুৱা আৰু কামীৰে চাল গাঁথে। বুৱা কামী ঘুণে নধৰিবলৈ আৰু সোনকালে নপচিবৰ কাৰণে কেইদিনমান পানীত গোঁবাই থয়। একোটা ৰুৱাৰ বুকুফাল কাটি পাতল কৰি মূৰৰ গাঁঠিটো নিছিগাকৈ মাজত কেইবা চিটাও (দুই, তিনি বা চাৰি) কবি কামীৰ লগত তল ওপৰ কৰি বৈ দিয়ে; সেয়ে জেঠি। ঘৰৰ চাল দুবিধ। দুটীয়া মোৰ বা জাঁওমোৰেৰে বৈ দিয়া চাল হ'ল হে'দালি চাল; তলে ওপৰে যোৰ কামী দি মাজত জেঠিৰে বৈ গাঁঠি দি বান্ধি দিয়াখন হ'ল শীতলী চাল। চাল বান্ধিবলৈ কুমলীয়া বাঁহৰ পাতলকৈ তোলা কাঠি অর্থাৎ তমাল, বেতৰ সূত অথবা ঢেকীয়া লতাৰ ব্যৱহাৰ কৰা হয়। বান্ধি দিয়া চালত মতা গাঁঠি, ৰূপহী গাঁঠি, টোপা গাঁঠি বা থোপা গাঁঠি আৰু মুৰত কোমোৰা গাঁঠি আদি গাঁঠি দিয়ে। মুধ, কুম আৰু পানীপোতাৰ প্রত্যেকডাল মাড়লিৰে সৈতে চালখন এফালৰপৰা বান্ধি যায়। ইখন চালো সেইদৰে বান্ধে। আৰম্ভণিৰে পৰা এইখিনিলৈকে কৰা কামেই হ'ল ঘৰ উভা। দুয়োখন চাল মেৰিয়াই একেলগে বান্ধিব নেপায় বুলি কয়; তেনে গাঁঠিক হাতীসাঙোৰা গাঁঠি বোলে। সেই গাঁঠি দিয়া ঘৰত বাস কৰিলে সাধাৰণতে কাজিয়া লাগে বুলি বিশ্বাস। চালত গাঁঠিৰ সলনি কেতিয়াবা কেকোঁৰা বা ককৰা দিও থোৱা হয়। ঘৰৰ ভেটিটো পিট লবৰ কাৰণে আৰু অপায়-অমঙ্গল দূৰ কৰিবলৈ প্রথমতে তাত গৰু বান্ধে। সাধাৰণতে উল্লখেৰ, শবণখেৰ আৰু বৰতা খেৰেৰে ঘৰ ছোৱা হয়। পুৰণি বুলি খেৰো ব্যৱহাৰ কৰা হয়। টকৌ গছৰ পাত, জেপাত আদিৰেও ঘৰ ছায়। চালৰ লগত (ওপৰত) খেব পাৰি কামীৰে বান্ধি দিবলৈ বাঁহৰ দুবিধ তমাল ব্যৱহাৰ কৰে -নলীয়া আৰু পতীয়া বা পিঠিয়া। সাধাৰণতে মুধচৰ গাঁঠি কেইটা নলীয়া তমালেৰে দিয়ে; তেতিয়া হলে সেই গাঁঠি সোনকালে পচি নাযায়। এবাৰ খেৰ পাৰি তাৰ ওপৰত ছাৱনি কামী পাৰি বেচা বন্ধা হয়। পানী-পোতাৰপৰা শাৰী শাৰীকৈ খেব পাৰি ওপৰলৈ অৰ্থাৎ মুধচৰ ফাললৈ ছাই আগবঢ়া হয়। প্রথমতে মুখৰ বেচা বন্ধাৰ আগতে মুধচৰ ফালটো এৰি প্রত্যেকখন চালৰে তিনিও ফালে বুবুলি খেৰ বা নতুন খেৰৰ গুৰিটো তললৈ চালখনৰ পৰা অলপমান বঢ়াই দি এটা কামীৰে বান্ধি লয় ;সেয়ে দবা পৰলি বা বাওচালি। এইদৰে বন্ধা বাঁতিয়েই মদালিওৱা। পানীপোতাৰপৰা মুখলৈ দুইমুমূৰে কাঁড় বোলে। ঘৰ ছাই যোৱাৰ লগে লগে তাত পানীপোতাৰ ফালে বে'কাকৈ নমাই খেব বান্ধি থোৱা হয়। প্রত্যেক বেচাতেই একোটাকৈ কামী দি বুৱাৰে (চালব) সৈতে তমালেৰে গাঁঠি দিয়া হয়। ইয়াত নপকীয়া বা টোপা গাঁঠি দিয়ে। পানীপোতাৰ ফালে বন্ধা বেচাৰ নাম পানীবেচা। চালৰগৃহ নির্মাণ লগত বান্ধি থোৱা প্রত্যেক বেচাৰ কামীৰ নাম ছাবনি কামী। দুয়োখন চালৰ খেৰৰ গুৰিয়ে গুৰিয়ে মুষচত লগ লাগি থকা বেচাৰ নাম হহ'ৱা বেচা; সেই বেচাব লগত বান্ধি দিয়া কামী হহৰা কামী। তাৰ পিছত অগা-গোবাকৈ মুখচটোত খেৰ পৰা হয় আৰু আগৰেপৰা মিলাই অনা কাঁড়টোৰ লগত, একোটা খেৰৰ ভিতৰ (ওপৰ) ফালে গুৰিটো মিলাই আগটো মেলি দিয়ে। হহৰা কামী দুটাত খুচি বেকাকে সেই থেৰখিনি নপৰিবৰ কাৰণে মৰা কামী দিয়ে। কাঁড়ৰ লগত মিলাই তেনেকৈ মেলি দিয়া খেৰ হ'ল মৰা মেলা। তাৰ ওপৰত মুধচৰ কামী দুটা বান্ধি উঠি গাঁঠি নপচিবৰ কাৰণে খেৰৰে একোটা গবিলা দিয়া হয়। গবিলা বান্ধি দিয়া গাঁঠিয়ে হ'ল আল গাঁঠি। মুধচ মাৰি তমালেৰে বান্ধনি গাঁঠি একোটা দি ওপৰলৈ থিয় কবি খুচি থয় আৰু ঘৰটোত পানী এছাটি মাৰি ছোৱা কাম সম্পূর্ণ কৰে। পানীপোতাৰ পিনে চালতকৈ বঢ়াই ৰখা খেবেই আওলা। কোনোৱে আকৌ বেৰৰ পৰা বাহিৰত থকা চালৰ চাৰি কোণৰ অংশকহে আওলা বোলে। আগবাঢ়ি থকা খেৰখিনি আওবাবে নাকাটি শুভবাবে কটা নিয়ম। দুচলীয়া ঘৰৰ বাহিৰে তিনিচলীয়া, চৌচলীয়া আৰু টুপদিয়া ঘৰ আছে। টুপ দুবিধ গোলম্বীয়া আৰু হাত কোকৰীয়া। এইবোৰ ঘৰো একে প্রণালীৰেই ছোৱা আৰু সজা হয়। চাৰিটা খুটা পুতি বা কোনো ঘৰৰ মুখৰ ফালে এখন চাল দি থলে তাক চালি বোলে। মুধটো বেচি ওখ নহলে সেই ঘৰক চন্দা পৰা বোলে। দুই ঘৰৰ মাজত বৰষুণৰ পানী নপৰিবলৈ চোৱা আদি গছৰ এফাল খুলি নাওবা দিয়া হয়। নাওবাৰ মুখৰ পানী চোতালৰ যি ঠাইত পানী জোৰেৰে পৰি খাল নকৰিবলৈ বাঁহৰ খোকাঁ এটা ওপৰলৈ মুখ কৰি পুতি তাৰ তলত খেৰ পাৰি দিয়ে। বেৰৰ ওপৰ ভাগত মুধৰ ফালে সৰা বা ঢাপলি (ঢাপলিকা) বান্ধি দিয়ে। টুপত তেনেকৈ বান্ধি দিয়া ঢাপলিকা খনেই ছৈ। নামঘৰৰ মুখত দিয়া চালিৰ নাম ঢেকেবী চালি। আসন থকা ঠাইৰ ওপৰ ভাগত আমহি ঘৰ সাজি দিয়ে। ধান থবলৈ যিখন চাং সজা হয় তাত প্রথমে গছৰ মুঢ়া বা শিলৰ থুম বা ধুম দিয়ে। তাৰ ওপৰত কাঠৰ দীঘল ধাম দি গাধৈ বান্ধে। গাধবি বা গাধৈত চোংহলাবে বেৰ দিয়ে। সেই চোংহলাৰ মাজত বান্ধি দিয়া যোৰ কামীৰ নাম সবাহ বা খামোচা। গাধৈত থিয় কৰি দিয়া বাঁহব ছটাবোৰ হল লিটিকাই; কোনোৱে মেৰধৰা কামীকো লিটিকাই বোলে। দুখন বেৰৰ মূৰত বাঁহৰ চোঁচ দি জোৰা লগাই পোলা বন্ধা হয়। বাঁহৰ চোঁচ বা হলাৰে ভৰাল ঘৰত বেৰ দিয়া হয়। গৰু, ম'হ ছাগলী আদিৰ কাৰণে গোহালিঘৰ সাজি দিয়াৰ উপৰিও ছাগলীৰ কাৰণে ওখ চাংঘৰ অথবা গোহালি ঘৰৰ ভিতৰতে চাং সাজি দিয়া হয়।
পাৰ চৰাইৰ কাৰণে টঙিঘৰ বা বাহ একোটা সাজি দিয়ে। হাঁহ-কুকুৰা আৰু গাধৰি আদিৰ কাৰণে বাঁহৰ কামীৰে ঘবা বৈ মাটিত পুতি দিয়ে আৰু এটা বাট কাটি দিয়ে। শিয়াল কুকুৰে খাব বা নিব নোৱাৰাকৈ ওপৰটোত ঢাকনি এখন দি বান্ধি দিয়া হয়। এনে ঘৰকে গড়াল বোলে। ঘৰৰ খুটা আদি সলাবলৈ চাল দাঙি দিয়া ঢোকাৰ নাম খচনা। ঘৰ কেনিবা উবুখিলে খোচাঁমাৰি পানী নপৰা কৰে । থকা, খোৱা, শোৱা আদি ঘৰ, নামঘৰ আৰু ভ'ৰালঘৰৰ বাহিৰে আনঘবত সাধাৰণতে বেৰ দিয়া নহয়। বাঁহৰ চোঁচা বা হলা, ইকৰা, বাঁহৰ কাঠী আদিবে গাঁথি, বৈ বা বান্ধি সাধাৰণতে বেব দিয়া হয়। বেৰৰ নিচেই তলত বেবখন মাটিত লাগি নপচিবলৈ গোটবাঁহেবে গ'বিলা বা বাৰতা দিয়ে। এটা বাঁহৰ এফালতকৈ কম অংশ এৰুৱাই খুলি তাত বেৰখনৰ তলত মুৰটো সুমুৱাই খ'বুৱা বান্ধি দিয়ে; বাৰতাৰ ওপৰত খবুৱা আৰু তাৰ ওপৰত বেৰখন থাকে।

খুটাৰ লগত বাহিৰ ফালৰপৰা খবুৱা আৰু বাৰতাক সাবটি ধৰি থকাকৈ, একো টুকুৰা বাঁহৰ ওপৰৰ ভাগৰ এফাল কাটি পেলাই, কটা ফালটো ভিতৰ ফালেদি মাটিত পুতি খুটাৰে সৈতে বান্ধি দিয়া হয়। সেইটুকুৰা বাঁহেই কুকুৰ। বেৰখনৰ ওপৰৰ ভাগটোতো তেনেকৈ খুটাৰ লগত বাহিৰ ফালৰপৰা শকত কামী একোটা দি মাজত বেৰখনেৰে সৈতে খুটাত বান্ধি দিয়ে। খুটাবে সৈতে বেৰখনৰ বাহিৰ ফালে গাঁঠিৰে মেৰিয়াই ধৰা ফলীয়া বাঁহ চটা হ'ল সাবটা। চুকত, য'ত দুখন বেব যোৰা লাগে, তাত বাঁহৰ চোঁচ বা এমুঠি ইক-বাবে বান্ধি দিয়ায়ে হ'ল পোলা বন্ধা। গোবৰ আৰু মাটি মিহলাই বোকা কৰি তাৰে লিপা হয়; আঠা হবৰ বাৱে তু'হগুবি আৰু খলিহৈও মিহলায়। বেৰৰ বং উজ্জল হবলৈ উ'ইমাটি নাইবা বঙা মাটিৰেও এলিপা দিয়ে। কোনো কোনোৱে এই উদ্দেশ্যে কেতিয়াবা কেকোঁৰা গাঁতৰ মাটিও ব্যৱহাৰ কৰে | দুৱাৰ বা খিৰিকীৰ চৌকাঠ কেতিয়াবা বাঁহেৰেও লগায়। বাঁহৰ চোঁচেবে বা কাঠীবে কিংবা কাঠেৰে দুৱাৰ সজা হয়। বাঁহৰ কাঠীৰ দুৱাবৰ মাজত বাঁহপাত, টোপৰৰ পাত অথবা টকৌগছৰ পাত দিয়ে। 'ডাং দিয়া দুৱাৰ, শলখা লগোৱা দুৱাৰ আৰু চোঁচনি দুৱাৰ আদি বিবিধ ধৰণৰ দুৱাৰ। বাহিৰ ভিতৰ দুয়ো ফালৰপৰা জপাই থব পৰাকৈ দুৱাৰত ডাং বা শলখা লগোৱা হয়। দুৱাৰৰ তলত গবিলা বা দুৱাৰ দলি দিয়ে। মাজত শলখাৰ সলনি গৃহ নির্মাণ কাঠৰ দুৱাৰত ভকুলীও লগায়। দুৱাৰৰ ওপৰফালে এখন ঢাপলিকা বান্ধে। দুবাৰখন ঘুৰিবলৈ খুব-ঘুৰি দিয়ে।এটা কোঠালিৰ পৰা আন এটা কোঠালিলৈ যোৱা বা এটা ঘৰৰপৰা আন এটা ঘবলৈ যোৱা দীঘলীয়া বাটক দীঘলী-বাট বোলে। এটা চ'তিব পবা আন এটা চ'তিলৈ বাঁহ পাৰি সাজি দিয়া চাঙক আটাল বোলে।
ঘৰৰ অন্য অপৰিহাৰ্ ঙ্গ হৈছে আগ আৰু পাছ পিনৰ চোতাল দুখন। অসমীয়া লোকগীতত চোতালৰ মনোবম বর্ণনা আছে। গাঁৱলীয়া মানুহৰ অৱসৰ বিনোদন আৰু অন্যান্য কামৰ কাৰণে চোতালৰ ব্যৱহাৰিক প্রয়োজন মন কৰিবলগীয়া। পুরাগধূলি অৱসৰৰ সময়ত ওচৰ চুব্‌বীয়াৰ লগত ইয়াতে মেল মাবে, জহকালি জুব লয়, জাবকালি জুই পুৱায়, পথাৰৰপৰা ধান আনি থয়, মৰণা মাবে, চলা জৰা কৰে, আজৰি সময়ত বেত-বাঁহৰ কাম কবে। মাক বুঢ়ীমাকে সন্ধিয়া নিচুকনি গীত গাই। সাধুকথা শুনাই কেচুৱাক শুবায়, তাঁত বাতি কৰে, ধান চাউল বা'দত দিয়ে। বভা পাতি চোতালত উৎসৱ অনু-ষ্ঠান পালন কৰা হয়। অসমীয়া লোক-জীৱনৰ লগত চোতালব এশ এবি সম্বন্ধ।চোতাল সবা-মাছ আৰু ঘৰৰ মজিয়া সাবিবলৈ তামোল পাতৰ শোটা, নাবি-কলৰ বাঢ়নী, বাঁহৰ কাঠীৰ বাড়নি আদিৰ ব্যৱহাৰ হয়। ঘৰৰ জাবৰ আৰু চৰুৰ ছাই আদি পেলোৱাৰ নিৰ্ধাবিত তিথি, দিন আৰু সময় আছে। সেই-দবে বাহী ঠাই-চোতাল নিতৌ সবা-মছা কৰিব লাগে। খোৱা-বোৱা কৰা মজিয়া হাতেৰে পানী দি মছা হয়। চুৱা-পাতনি আৰু চোতাল সৰা শোটা বেলেগ। সেইদৰে বাহী ঠাই আৰু সজ ঠাই সবা শোটাও বেলেগ বেলেগ। পাকঘৰ বা বান্ধনি ঘব সাবিবলৈ ধুতি-শোটা আৰু মছিবলৈ নেচাৰ ব্যৱহাৰ কৰা হয়। গোবৰ আৰু বগা মাটিৰে ঠাই মছা হয়। কলগছৰ বৌখা, মৰাপাট বা ফটা কাপোৰৰ সোপাৰে নেচা কবি লয়। অম্বুবাচীত, তিনি বিহৃত, অশৌচব অন্তত, গ্রহণত চৰু-হাড়ি ধুই পুৰণি নেচা-শোটা পেলাই নতুনকৈ লোৱা হয়। এইবোৰ সংস্কাৰৰ কাৰণেই গাৱলীয়া মানুহৰ ঘৰ-চোতাল সদায়ে পৰিষ্কাৰ পবিচ্ছন্ন হৈ থাকে। ঘৰৰ লগত ভালেমান বিশ্বাস-জড়িত আচাৰ অনুষ্ঠান আছে। গাৱ'লীয়া জীৱনত সেইবোৰৰো বিশেষ মূল্য আছে। তাৰে কেতবোৰ হ'ল-নতুন ঘৰ লোৱা উৎসৱৰ বাহিৰেও ন-ছোৱালীক ঘৰ গছকোৱা বিবাহৰ আনুষঙ্গিক পর্ব।অন্যান্য বিশ্বাসৰ ভিতৰত ঘৰৰ পানীপোতাত আৰু দুৱাৰ-দলিত বহাৰ নিষেধো এটা। দুৱাৰ ভৰিৰে গুৰিয়াব নাপায়-তাত ঈশ্বৰ বা ঘৰ-জে'উতি (লক্ষ্মী) থাকে বুলি বিশ্বাস। কাৰোবাৰ ঘৰত জুই লগাৰ বাতৰি পালে বা দেখিলে নিজৰ ঘৰত পানী এলোটা ছটিয়াব লাগে; আনকো সেই খবৰ দিব লাগে।পদুলিৰ মূৰত সিজ, আকণ, বাহক আদি গছ বুব লাগে। আকণ গছ থাকিলে কলেবা নহয় বুলি বিশ্বাস। বাৰীত খকণ গছ থাকিলে খকন-খবিয়াল (কাজিয়া) লাগে বুলি কোৱা হয়। আকৌ, "আগফালে, তে'তেলী, পিছফালে ঔ; সেইঘৰ মানুহ মবিলনে নৌ।"
ঘৰত শগুণ, হন্দু আদি চৰাই পৰা অমঙ্গল। এনে হলে সাধাৰণতে ঘৰ-টোৰ মুখচটো খুলি পেলাই দিয়া নিয়ম। যি ঠাইত চৰাইটো পৰে, সেই ঠাইৰ তলৰ মাটিও খান্দি পেলাই দিয়া হয়। যোৰপতা সাপ, সোণ-গই আদি ঘৰৰ ভিতৰত সোমোৱা বেয়া। এনেবোৰ ক্ষেত্ৰত সহস্র নাম পাঠ, জ্ঞাতি-ভোজন বা নাম-কীর্তন কৰোৱাৰ লাগে।
ভাদ, কাতি, পুহ, মাঘ আৰু চ'ত মহীয়া ঘৰৰ কাম কৰা নহয়। অগ্নি-শৰতো ঘৰ কাম কৰা নিষেধ। সাতাইছটা নক্ষত্রব ভিতৰত শেষব সাতোটা নক্ষত্রত অগ্নিশৰ লাগে। অমাৱস্যা আদিতো ঘৰ ছোৱা ভেটিবন্ধা নিষেধ।

বহাগ মাহৰ প্রথম দিনা নাহৰ গছৰ পাতত গোবোচনা আৰু কুঙ্কুমেৰে কৰা চিঞাহীৰে তলৰ মন্ত্ৰটো ব্রাহ্মণ, দৈৱজ্ঞ, গোসাঁইৰপৰা লিখাই ঘৰত চালত খুচি থব লাগে। এই মন্ত্রটো এনেকৈ লিখা থাকিলে বিদ্যুৎ আৰু অগ্নিৰ ভয় নাথাকেঃ
দেৱ দেৱ মহাদেৱ বিপাক্ষ ত্রিলোচন।
বাতবৃষ্টিহবং দেৱ মহাদেৱ নমস্তে।
জৈমিনিশ্চ সূমণ্ডশ্চ বৈশম্পায়নমেবচ।
পুলস্তি পুলহশ্চৈব পঞ্চৈতে বজ্রবাৰণাঃ ।।
মুনিকল্যাণমিত্রস্য জৈমিনেশ্চানুকীৰ্ত্তনাৎ।
বিদ্যুদগ্নি ভয়ং নাস্তি লিখিতস্য গৃহোদবে।

নতুন ঘৰ প্ৰথমে লোৱাৰ আগতে গোবৰ-মাটিৰে ঠাই মছি তাত নামকীর্তন কৰে আৰু তাক ঘৰলোৱা-সবাহ বোলে। তাৰ আগতে ঘৰটোত শান্তি-পানী ছটিয়ায়।

ঘৰ সজা, ঘৰৰ সা-স'জুলি আদিক কেন্দ্ৰ কবি ভালেমান গীত-মাত, প্রবচন, উপমা, দৃষ্টান্ত, যোজনা, ফকৰা, শাও-শপনিৰ সৃষ্টি হৈছে। নিদর্শন স্বৰূপে কেইটিমানৰ উদ্ধৃতি দিয়া হ'লঃ
চুটিখেৰৰ বেচা ঘন, তোমালৈ যাববে মন। (বিহুগীত)
উৰুখা ঘৰত বাৰিষা বাসা, যুৱতী কন্যা ঘৰত বখা।
বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়।
ঢাকোন পেলাই পইতা খায়।
গৃহ নির্মাণ আগকীবী শুৱনি কাকিনী তামোলে, পাছবাৰী শুৰনি পাণ।
বৰঘৰ শুৱনি জীয়ৰী ছোৱালী উলিয়াই দিবলৈ টান।
ঘৰ ছাই নকৰে মুধচ, তাৰ সমান নাই কুন্ধচ।
বৰাৰ ঘৰত তৰাৰ গাঁঠি, বৰা নো থাকিব কেই বাতি?শাল-সোণাৰ, ক'হিবৰ এফাল। ইকৰাই বোলে, মই নিতিতিলে যাওঁ কতকাল ॥

ঘৰৰ লগত সম্বন্ধ থকা বাক্যাংশঃ
ঘৰভঙা, ঘৰসুন্দৰী, ঘৰপতা, ঘৰৰ ঘৈণী, ঘৰ-জোঁৱাই, ঘৰতে শকত, ঘৰ-চাঁয়া, ঘৰ-গছকোৱা, ঘৰে-দুৱাৰে খোৱা, ঘাই খুটা, বৰ খুটা, ঘৰ-চপনীয়া, ইত্যাদি।

শাও শপনিত প্রয়োগ হোৱা বাক্যাংশঃ
ভেটি উছন হোৱা, ভেটিত তিতা লাও গজা, মাটিয়ে ভেটিয়ে খন্দা, পোলা-কটা চোৰ, ঘৰতে বুঢ়ী হোৱা।

গৃহ নির্মাণ কার্যত গাৱলীয়া জীৱনৰ কেইবাটাও বৈশিষ্ট্য পৰিলক্ষিত। প্রথম, প্রাচীন বীতিৰ প্রতি শ্রদ্ধা; পুৰণি পদ্ধতি কেৱল ঘৰৰ আহি আৰু ঘব সজা কার্যতে অনুসৰণ কৰা নহয়-ঘৰৰ লগত সম্বন্ধ থকা ভালেমান ক্রিয়া-অনুষ্ঠানো পূৰ্বৰ দৰে গাৱলীয়া মানুহে আজিও পালন কৰে।দ্বিতীয়তে, ইজন সিজনৰ আৰু কেতিয়াবা সমূহ-গঞাৰ (যেনে, নামঘৰ নির্মাণত) সহায়তহে গৃহ নির্মাণ সম্ভৱপৰ হয়। আগৰ দিনত গঞাই লগ লাগিহে বছৰটোৰ কাৰণে খেব, ইকৰা, বেত আদি মাঘ-ফাগুন মাহত হাবিৰ পবা কাটি আনিছিল। ডেকাৰপৰা বুঢ়ালৈকে সকলোৱে তমাল তুলুৱাৰপবা মুখচ মৰালৈকে ঘৰ সজাব সকলো কাম কৰিব পৰাটোও গাৱ'লয়ী। স্বাৱলম্বী জীৱনৰ অন্যতম বৈশিষ্ট্য।

২. নামঘৰ নিৰ্মাণ

অন্যান্য ঘৰৰ দৰেই অসমৰ বৈষ্ণৱপন্থী গাওঁবিলাকৰ প্রায় প্রত্যেকখনত একোটিকৈ নামঘৰ আছে। সত্ৰত ইয়াক কীর্তনঘৰ বোলে, আৰু জাতীয় বঙ্গমণ্ড আৰু দৈনন্দিন প্রার্থনা আদি কামৰ কাৰণে ৰাইজে সমিলমিলভাৱে কৰি লোৱা ঘৰক নামঘৰ বা গোঁসাইঘৰ বোলে। ৰাজহুৱা কাম কৰাক 'হজ' কৰা বোলা হয়। নামঘৰ সাজোঁতেও ৰাইজে পাল পাতি হজ কৰে। একো একোটি দলে পাল পাতি ইয়াৰ নির্মাণকার্য সম্পন্ন কৰে। নামঘৰ বুলিলে সাধাৰণতে দুটা আৰু কেতিয়াবা একেলগে তিনিটা বা চাৰিটা ঘৰকো বুজায়। সেয়ে হৈছে-বাটচ'ৰা, ছোঁঘৰ আৰু মণিকূট। প্রথমতে বাটচৰাটো দুচলীয়াকৈ সৰু কৰি সজা হয়। কোনো কোনো ঠাইত বাটচ'ৰা নাথাকে। কেতিয়াবা তাৰ সলনি সৰুকৈ চালি এখন দিয়া হয়; সেয়ে ঢোকেৰী-চালি।
নামঘৰ পূবা-পশ্চিমাকৈ সাজে; পশ্চিম মুৰত এটা টুপ থাকে। টুপৰ কাৰণে বে'কা মাড়লিকেইডাল বাঁহৰ কামিবে সাজি তাৰ ওপৰত মৰাপাট বা বেত মেৰিয়াই দিয়া হয়। টুপটো যি ঠাইৰপৰা দিয়া হয়, মুধচৰ সেইখিনিত ঘুৰণীয়া কাঠ এটুকুৰা নাল ৰাখি নালটো মুধচৰ মাড়লিত সুমুৱাই দিয়ে। টুপৰ পিনৰ মূল দুৱাৰখনেই হৈছে মুখ দুৱাৰ। দুৱাৰৰ দুয়োকাষে আৰু ওপৰৰ কাঠত পদুম ফুল, লতা আদি কাটি দিয়ে; তাক মেহৰাজী কবা বোলে। দুৱাৰত সিংহ কাটি দিলে হয় সিংহদুৱাৰ। আন ফুল, লতা আদি কটা দুৱাৰক ফুল-তেতেলী-কটা দুৱাৰ নাম দিয়া হয়। সাধাৰণতে নামঘৰ তিনি, পাঁচ বা সাত কোঠালিৰ হয়। টুপব ভাগ বাদ দি শেষৰ কোঠালিৰ উত্তৰ বা দক্ষিণ পিনে তিনিটা খুটাৰে ওখ চাং এখনত দবা থয়। বাহিৰৰপৰা ধৰিব পৰাকৈ দুৱাৰত কলচী আৰু ভিতৰৰপৰা বন্ধ কৰিব পৰাকৈ শলখা লগোৱা হয়। নামঘৰৰ দীঘৰ দুয়োকাষে দিয়া দুৱাৰক 'পেটদুৱাৰ' বোলে। সাধাৰণতে চতিবোৰতো পদ্মফুল আদি ফুল কাটি দিয়ে আৰু লাইখুটা থকা বৰচতিতে ঘৰ সজাৰ চন তাৰিখ কাটে। দুয়ো কাষে চতিত বাঁহ পাৰি আটাল বা চাং সাজি দিয়ে আৰু বেলেগ ছোঁঘৰ নাথাকিলে তাতে ছোঁ-মুখা থয়।
 
পূৰ্বৰপৰা প্ৰথম কোঠালিটো আসনৰ কাৰণে এৰি , দ্বিতীয়যোৰ খুটাৰ উত্তৰৰটোক লাইখুটা বোলে। তাত অধিকাৰ বা গোঁসাইসকল বহে। তাৰ দক্ষিণে আসনৰ ওচৰতে ব্রাহ্মণসকলৰ স্থান। নামঘৰৰ উত্তৰ ফালে আইসকলগৃহ নির্মাণ বহে ! লাইটা থকা কোঠালিৰপৰা ক্রমে পশ্চিমফালে সাধাৰণ শ্রেণীৰ সকলোৱেই বহিব পাৰে। শবণ, ভজন আৰু মালাবস্তু লোৱা বা উদাসীন ভকতসকল আৰু অন্যান্য জাতি যথাক্রমে আগশাৰী পাবৰ যোগ্য। অনুন্নত শ্রেণীৰ সকলক সাধাৰণতে পিছৰ শাৰীত টুপব ফালেহে বহিবলৈ দিয়ে। নামঘৰৰ প্ৰথম কোঠালিত সিংহাসন থাপনা কবে। কাঠত কটা গড়, হনুমান, লাড়ুৱা-গোপাল আদি মূর্তিৰে সেই কোঠালিটো সজোৱা হয়। আসনৰ বাওঁফালে বন্তি লগাবলৈ কাঠৰ, লোহাৰ বা পিতলৰ গছা থাকে। এশ বন্তি জলাব পৰা হেতা-গছা হৈছে শইকীয়া-গছা। ভাওনা আদিত চৌতবা, মইটা আৰু আবিয়া জ্বলাই পোহৰৰ ব্যৱস্থা কৰা হয়। আসন বা সিংহাসন তিনি, পাঁচ, সাত বা ন খলপা কবি চাবি চুকে চাৰিটা হাতীৰ ওপৰত সিংহ কাঠত কাটি প্রত্যেক খলপাতে লগোৱা হয়। তাতে আসনৰ লেখনিপাট চাৰিখন থাকে। লেখনিপাটত দশাৱতাৰ বা চতুর্বিংশতি অৱতাৰৰ ছবি, অথবা ফুল-লতাৰ ছবিখনিকে হেঙুল-হাইতালেৰে বোলোৱা হয়। লেখনিপাটৰ ওপৰত পাৰণিপাট থোৱা হয়। তাৰ ওপৰত আকৌ সিংহ; লেখনিপাট আৰু পাৰণিপাটবোৰ দি খলপাবোৰ সজোৱা হয়। নিচেই ওপৰৰ ভাগৰ পাৰণিপাটত চাবিচুকে সৰু সৰুকৈ চাৰিটা কাঠৰ খুটি দিয়া হয়; সেই খুটিৰপৰা চিটিকা দি আমবি ঘৰ বা আমহি ঘৰ সাজে। এই খলপাৰ সমুখৰ দুৱাৰ-মুখৰ দুয়ো কাষৰ থিয় পাট দুখনত দ্বাৰৰক্ষক জয়-বিজয়ৰ ছবি অকা হয়। সেই খলপাতে থাপনাৰ পুথি স্থাপন কৰি কাপোৰেৰে ঢাকি থয়। কেউকাষৰ খলপাৰ সমুখৰ ভাগত গোঁসাই কাপোৰ আৰু তাৰ ওপৰত সোণ বা ৰূপৰ ফুল থাকে। গোঁসাই কাপোৰত শিপিনীয়ে নানা ধবণৰ ফুল, অৱতাৰৰ ৰূপ বা ঘোষা আদি কাপোৰ বওঁতেই তুলি যায়। আমহি ঘৰৰ ওপৰত পিতল, কাঁহ নাইবা কাঠব কলচী লগোৱা থাকে। সিংহাসনৰ ওপৰত চন্দ্রাতপ অ'ৰা হয়। আসনৰ নিচেই তলত শিল বা কাঠব ঠকুৰা দিয়ে। আসনৰ দক্ষিণ ফালে পাঠৰ পুথি আৰু ঠগি বা ঠগা থাকে। ঠগা কেইবা বিধৰো। একে টুকুৰা কাঠৰপৰা দুজপীয়াকৈ কাটি উলিওৱা খন হ'ল জাপ ঠগা। অন্য ঠগাৰ তলত কাছ, তাৰ ওপৰত হাতী, তাৰ ওপৰত সিংহ আৰু একেবাৰে ওপৰৰ পাটখন কাঠত কাটি দিয়া হয়। মণিকূট নথকা নামঘৰৰ এই কোঠালিতে মাহপ্রসাদ যোগাৰ কৰা হয়; কাঁহ, তেল, সলিতা আদি নাম-ঘৰৰ যাবতীয় বস্তু এই প্রথম কোঠালিটোতে থয়। সাজৰ পিঠাগুড়ি খুন্দা উড়ল, উড়লমাৰি, দলা আৰু গুড়ি চালনীও নামঘৰতে ৰখা হয়। লাইটাৰ পশ্চিম কোঠালিৰ মাজতে শিৰত নামলগোৱা বহে। তেওঁৰ সোঁফালে পথালিকৈ মূল দোহাব জন আৰু অন্য দোহাৰৰ লোক সকলো তেওঁব দবেই শাৰী পাতি আগলৈ বহে। বাওঁফালেও দোহাবৰ শাৰী বহে। নাম লগোৱাৰ পিছতে পালিৰ শাৰী বহে। সেইদৰেই অন্যসকলো শাৰী পাতি বহে। গোঁসাইসকলৰ ভিতৰত নামলগোৱা নহলে নামলগোৱাজনৰ উত্তৰ ফালে পথালিকৈ বহিব লাগে |

অশৌচ আদি লাগিলে কেচা অশৌচীয়া অর্থাৎ এঘাৰ দিন নোযোৱালৈকে যি কোনো মানুহেই টুপৰ ফালেহে মাথোন বহিব পাবে। মৰা অশৌচ হলে কোনো কোনো ঠাইত এঘাৰ দিন নোযোৱালৈকে নামঘৰত সোমাবলৈ দিয়া নহয়।

ভাওনা আদিত টুপৰ কোঠালি বাদ দি তাৰ আগৰ কোঠালিত গায়ন-বায়ন বহে। মূল গায়নজন বাওঁফালে আৰু পালি গায়নসকল তেওঁৰ শাৰীতে যথা-ক্রমে সোঁফালে বহে। মূল বায়নজনো গায়নৰ শাৰীৰ দক্ষিণফালে পথালিকৈ মাজলৈ (উত্তবলৈ) মুখ কৰি বহে। অন্য বায়নসকল তেওঁৰ শাৰীত আগলৈ বহি যায়, অথবা উত্তৰফালেও দক্ষিণলৈ মুখ কৰি শাৰী পাতি বহে। মাজ-খিনি ভাৱৰীয়াৰ কাৰণে মুকলিকৈ ৰখা হয়।

নামঘৰৰ পূৰ্বত নামগোৱা, আসন থোৱা, পুথি-পাঁজি আৰু অন্যান্য লাগ-তিয়াল বস্তু থকা মণিকূট ঘৰটি দুচলীয়াকৈ নামঘৰৰ পথালি কৰি সজা হয়। কেনো কোনো নামঘৰত মণিকূট নাথাকে। নামঘৰত থকাৰ দৰেই মণিকূটতো অশৌচ আদি লাগিলে কেচা অশৌচীয়া অর্থাৎ এঘাৰ দিন নোযোৱালৈকে যি কোনো মানুহেই টুপৰ ফালেহে মাথোন বহিব পাৰে। মৰা অশৌচ হলে কোনো কোনো ঠাইত এঘাৰ দিন নোযোৱালৈকে নামঘৰত সোমাবলৈ দিয়া নহয়।ভাওনা আদিত টুপৰ কোঠালি বাদ দি তাৰ আগৰ কোঠালিত গায়ন-বায়ন বহে। মূল গায়নজন বাওঁফালে আৰু পালি গায়নসকল তেওঁৰ শাৰীতে যথা-ক্রমে সোঁফালে বহে। মূল বায়নজনো গায়নৰ শাৰীৰ দক্ষিণফালে পথালিকৈ মাজলৈ (উত্তৰলৈ) মুখ কৰি বহে। অন্য বায়নসকল তেওঁৰ শাৰীত আগলৈ বহি যায়, অথবা উত্তৰফালেও দক্ষিণলৈ মুখ কৰি শাৰী পাতি বহে। মাজ-খিনি ভাৱৰীয়াৰ কাৰণে মুকলিকৈ ৰখা হয়। ঘৰত থকাৰ দৰেই মণিকূটতো বেলেগ আসন, গছা, থগা, তাল আদি থাকে। শৰণ, ভজন আৰু মালাবস্তু লোৱা পুৰুষকহে কেৱল মণিকূটৰ ভিতৰত সোমাবলৈ দিয়া হয়; সাধাৰণতে তিৰোতাৰ তাত প্ৰৱেশ নিষেধ।
কেনো কোনো সত্রত মণিকূটৰ দৰেই খৰমঘৰ আৰু পদশিলা ঘৰো বেলেগ-ভাবে থাকে। কোনো কোনো অঞ্চলত ভাৱৰীয়াই সাজ-পাৰ কৰিবলৈ আৰু, ছোঁ-মুখা আদি থবলৈ নামঘৰৰ ওচৰতে সৰকৈ ছোঁ-ঘৰ একোটা সজা হয়।
                 
                        তথ্যসংগ্ৰহ: 'অসমৰ লোক সংস্কৃতিৰ' 
                        প্ৰকাশক: শ্রীবিৰিঞ্চি কুমাৰ বৰুৱা 
                        পৃষ্ঠা: ৯২-১০৫

Popular posts from this blog

___ভাগৰুৱা মইজনীৰ এক মৰহি যোৱা হাঁহি___

ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ উপন্যাসত অসমীয়া সমাজ (অসম সাহিত্য সভা) ড৹ প্ৰমোদচন্দ্র ভট্টাচার্য্য